Text copied!
Bibles in Assamese

গীত 58:3-9 in Assamese

Help us?

গীত 58:3-9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
4 সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
5 সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
6 হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
7 বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
8 শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
9 তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।
গীত 58 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019