3 শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।
4 মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।
6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,
7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। চেলা
8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।