Text copied!
Bibles in Assamese

গীত 55:11-18 in Assamese

Help us?

গীত 55:11-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।
12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।
14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।
16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।
17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।
গীত 55 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019