Text copied!
Bibles in Assamese

গীত 51:6-13 in Assamese

Help us?

গীত 51:6-13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।
7 এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।
8 মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
9 মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা; মোৰ সকলো অপৰাধ মোচন কৰা।
10 হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
11 তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।
12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।
13 তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।
গীত 51 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019