Text copied!
Bibles in Assamese

গীত 51:12-18 in Assamese

Help us?

গীত 51:12-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।
13 তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।
14 হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
15 হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।
16 কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।
17 ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।
18 তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা।
গীত 51 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019