Text copied!
Bibles in Assamese

গীত 49:8-13 in Assamese

Help us?

গীত 49:8-13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
9 যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।
10 আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
11 তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
12 কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
13 যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
গীত 49 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019