3 ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
4 ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
5 তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
6 সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
7 যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
8 বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)