Text copied!
Bibles in Assamese

গীত 45:2-5 in Assamese

Help us?

গীত 45:2-5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।
3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
4 ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।
5 তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;
গীত 45 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019