Text copied!
Bibles in Assamese

গীত 44:7-20 in Assamese

Help us?

গীত 44:7-20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8 ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
9 কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
10 শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11 তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12 তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13 ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15 ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16 মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17 আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18 তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19 তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
গীত 44 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019