Text copied!
Bibles in Assamese

গীত 44:10-26 in Assamese

Help us?

গীত 44:10-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11 তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12 তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13 ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15 ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16 মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17 আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18 তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19 তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
21 তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
22 কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23 হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24 তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25 আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26 উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।
গীত 44 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019