Text copied!
Bibles in Assamese

গীত 44:1-8 in Assamese

Help us?

গীত 44:1-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
2 তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
3 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
4 তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
5 আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
6 মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8 ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
গীত 44 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019