3 মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”
4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
6 মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।
7 তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।
8 যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
9 মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”