7 মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে।
8 তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।”
9 মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
10 কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
11 ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
12 তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
13 ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত। আমেন, আৰু আমেন।