Text copied!
Bibles in Assamese

গীত 40:7-14 in Assamese

Help us?

গীত 40:7-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ; পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।
8 হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
9 মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
10 তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
11 হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
12 কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।
13 হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।
14 যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
গীত 40 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019