Text copied!
Bibles in Assamese

গীত 38:6-11 in Assamese

Help us?

গীত 38:6-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।
7 মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।
8 মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
9 হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
10 মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
11 মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
গীত 38 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019