19 মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
20 কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
21 মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
22 হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!