Text copied!
Bibles in Assamese

গীত 35:16-23 in Assamese

Help us?

গীত 35:16-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
17 হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
18 মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
19 মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
20 কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
21 মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
22 হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
23 হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
গীত 35 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019