Text copied!
Bibles in Assamese

গীত 34:4-14 in Assamese

Help us?

গীত 34:4-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
5 তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
6 এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
7 যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
8 যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
9 হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
10 ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
11 হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
12 তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
13 তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
14 তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
গীত 34 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019