Text copied!
Bibles in Assamese

গীত 33:9-16 in Assamese

Help us?

গীত 33:9-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
10 যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
11 যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
12 ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
13 যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
14 পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
15 তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।
16 বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
গীত 33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019