Text copied!
Bibles in Assamese

গীত 33:6-11 in Assamese

Help us?

গীত 33:6-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
7 তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।
8 গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।
9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
10 যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
11 যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
গীত 33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019