Text copied!
Bibles in Assamese

গীত 31:12-18 in Assamese

Help us?

গীত 31:12-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13 মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14 কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
15 তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
16 তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।
17 হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা; দুষ্ট লোক বৰং লাজত পৰক, চিয়োলত নীৰৱে থাকক।
18 অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
গীত 31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019