Text copied!
Bibles in Assamese

গীত 31:1-15 in Assamese

Help us?

গীত 31:1-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
2 মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
3 তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
4 মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
5 হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
6 যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7 তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8 তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
10 মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
11 মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
12 মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13 মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14 কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
15 তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
গীত 31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019