Text copied!
Bibles in Assamese

গীত 30:1-8 in Assamese

Help us?

গীত 30:1-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
2 হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
3 হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা।
4 হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
5 কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
6 সুখৰ দিনত মই কৈছিলোঁ, “মোক কোনেও লৰাব নোৱাৰিব।”
7 হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
8 হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:
গীত 30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019