Text copied!
Bibles in Assamese

গীত 28:4-9 in Assamese

Help us?

গীত 28:4-9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
5 কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব।
6 সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
7 যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
8 যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
9 হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।
গীত 28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019