Text copied!
Bibles in Assamese

গীত 27:1-4 in Assamese

Help us?

গীত 27:1-4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম।
4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
গীত 27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019