Text copied!
Bibles in Assamese

গীত 25:5-10 in Assamese

Help us?

গীত 25:5-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
6 হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
7 মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
8 যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
9 তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
10 যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
গীত 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019