10 যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
11 হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
12 কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
13 তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
14 যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
15 মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
16 মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।