Text copied!
Bibles in Assamese

গীত 22:3-11 in Assamese

Help us?

গীত 22:3-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
4 তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
5 তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
6 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।
7 যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
8 “তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
9 কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
10 জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
11 তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
গীত 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019