Text copied!
Bibles in Assamese

গীত 22:20-29 in Assamese

Help us?

গীত 22:20-29 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
21 সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
22 ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
23 তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
24 তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
25 মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
26 দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
27 পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
28 কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
29 পৃথিবীৰ অহংকাৰী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
গীত 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019