16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
17 মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
18 নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
19 কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।