Text copied!
Bibles in Assamese

গীত 21:2-7 in Assamese

Help us?

গীত 21:2-7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)
3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
4 তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
5 তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;
6 তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
7 কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
গীত 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019