Text copied!
Bibles in Assamese

গীত 18:42-50 in Assamese

Help us?

গীত 18:42-50 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

42 মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
43 লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
44 মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
45 বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
46 যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
47 তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
48 মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
49 হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
50 যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; নিজৰ অভিষিক্তজনৰ প্রতি, দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।
গীত 18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019