Text copied!
Bibles in Assamese

গীত 148:7-13 in Assamese

Help us?

গীত 148:7-13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
8 হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
9 হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
10 হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
11 হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
গীত 148 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019