Text copied!
Bibles in Assamese

গীত 145:13-18 in Assamese

Help us?

গীত 145:13-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
14 যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
15 সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
16 তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
17 যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
18 যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
গীত 145 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019