Text copied!
Bibles in Assamese

গীত 139:5-15 in Assamese

Help us?

গীত 139:5-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।
6 এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
7 তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?
8 যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা।
9 যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,
10 তাতো তোমাৰ হাতে মোক চলাব,; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।
11 যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;
12 বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।
13 তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
14 মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
15 যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
গীত 139 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019