Text copied!
Bibles in Assamese

গীত 136:19-26 in Assamese

Help us?

গীত 136:19-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
20 যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
21 যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
22 যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
23 যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
24 যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
25 যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
26 স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
গীত 136 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019