13 হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14 কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
15 জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16 সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17 কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18 সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
19 হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
20 হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
21 চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।