Text copied!
Bibles in Assamese

গীত 119:98-115 in Assamese

Help us?

গীত 119:98-115 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

98 তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100 মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101 মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
102 মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
103 তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
104 তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
105 তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।
106 তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
107 হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
108 হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
109 মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
110 দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
111 তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
112 চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
113 দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
114 তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
115 হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019