Text copied!
Bibles in Assamese

গীত 119:90-101 in Assamese

Help us?

গীত 119:90-101 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
91 তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92 তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93 মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94 মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
95 দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
96 মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
97 ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98 তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100 মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101 মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019