Text copied!
Bibles in Assamese

গীত 119:85-94 in Assamese

Help us?

গীত 119:85-94 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

85 অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
86 তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
87 তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
88 তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
89 যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
91 তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92 তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93 মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94 মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019