Text copied!
Bibles in Assamese

গীত 119:82-88 in Assamese

Help us?

গীত 119:82-88 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

82 তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
83 কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
84 তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
85 অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
86 তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
87 তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
88 তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019