Text copied!
Bibles in Assamese

গীত 119:66-73 in Assamese

Help us?

গীত 119:66-73 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

66 তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
67 কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
68 তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
69 অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
70 তেওঁলোকৰ হৃদয়ত সত্যতা নাই; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
71 মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।
72 তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
73 তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019