Text copied!
Bibles in Assamese

গীত 119:45-60 in Assamese

Help us?

গীত 119:45-60 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

45 মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
46 তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
47 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
49 তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
50 দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
51 অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
52 হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।
53 দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
54 মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
55 হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।
56 এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।
57 যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।
58 মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।
59 মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
60 মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019