40 চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
41 হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
42 তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
43 তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
44 যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
45 মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
46 তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
47 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
49 তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।