Text copied!
Bibles in Assamese

গীত 119:135-143 in Assamese

Help us?

গীত 119:135-143 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

135 তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা।
136 মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
137 হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।
138 তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।
139 তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।
140 তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়।
141 যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
142 তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
143 সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019