Text copied!
Bibles in Assamese

গীত 119:108-121 in Assamese

Help us?

গীত 119:108-121 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

108 হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
109 মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
110 দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
111 তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
112 চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
113 দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
114 তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
115 হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
116 তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
117 মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
118 তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
119 পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
120 তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
121 মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
গীত 119 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019