Text copied!
Bibles in Assamese

গননা 26:13-57 in Assamese

Help us?

গননা 26:13-57 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
14 চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
15 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
16 অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
17 অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
18 গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
19 যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
20 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
21 পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
22 যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
23 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
24 যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী, চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।
25 ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।
26 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান: চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলোনৰ পৰা এলোনীয়া গোষ্ঠী, যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।
27 জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।
28 নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।
29 মনচিৰ সন্তান এইসকল: মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী, সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।
30 গিলিয়দৰ সন্তান এইসকল: ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী
31 অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী, চেখমৰ পৰা চেখমীয়া গোষ্ঠী,
32 চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী, আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।
33 সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।
34 এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।
35 নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান: চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী, বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী, তহনৰ পৰা তহনীয়া গোষ্ঠী,
36 আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।
37 ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।
38 নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল: বেলাৰ পৰা বেলাইয়া গোষ্ঠী, অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী, অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,
39 চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী, হূফমৰ পৰা হূফমীয়া গোষ্ঠী।
40 আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।
41 নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।
42 নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।
43 চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।
44 নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল: যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী, যিচবিৰ পৰা যিচবিয়া গোষ্ঠী, বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।
45 বৰীয়াৰ সন্তান এই লোকসকল: হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী, মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।
46 আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।
47 আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।
48 নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল: যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী, গূণীৰ পৰা গূণীয়া গোষ্ঠী,
49 যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী, চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।
50 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।
51 ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।
52 পাছত যিহোৱাই মোচিক ক’লে,
53 “নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।
54 অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।
55 কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।
56 লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”
57 নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল: গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।
গননা 26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019