Text copied!
Bibles in Assamese

গননা 26:12-23 in Assamese

Help us?

গননা 26:12-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান: নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী, যামীনৰ পৰা যামীনীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
13 জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
14 চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
15 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
16 অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
17 অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
18 গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
19 যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
20 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
21 পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
22 যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
23 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
গননা 26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019