Text copied!
Bibles in Assamese

গননা 25:3-8 in Assamese

Help us?

গননা 25:3-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
4 যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
5 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
6 পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
7 তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
8 সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
গননা 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019