18 তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
19 যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।
20 তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে, “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম; কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
21 তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে, “তোমাৰ নিবাস অতি দৃঢ়, আৰু তোমাৰ বাহ শিলত পতা।
22 তথাপি কেনীয়ালোক বিনষ্ট হ’ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
23 তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে, হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
24 আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”